ট্ৰাম্পে কাৰোলীনাৰ ভায়লিন নুশুনে

Share it


সঞ্জীত কুমাৰ বৰদলৈ
মাৰ্ক্সৰ মতে পুঁজিবাদৰ চাৰিটা স্তৰ আছে—কৃষি পুঁজিবাদ,বণিক পুঁজিবাদ,উদ্যোগিক পুঁজিবাদ আৰু ৰাষ্ট্ৰ পুজিবাদ৷এইফালৰ পৰা চাবলৈ গ’লে আমি এতিয়া ৰাষ্ট্ৰ পুঁজিবাদৰ স্তৰত আছোঁ বা এঢাপ আগুৱাই গৈ বিলম্বিত পুঁজিবাদী স্তৰত আছোঁ৷এই বিলম্বিত পু্ঁজিবাদ(late capitalism)ধাৰনাটোৰ অৱতাৰণা কৰিছিল জাৰ্মান সমাজবিজ্ঞানী ৱাৰ্নাৰ চ’মবাৰ্টে(১৮৬৩-১৯৪১)৷

পৰৱৰ্তী সময়ত ১৯৭২চনত আৰ্নেষ্ট মেণ্ডেলৰ “লেট কেপিটেলিজম”নামৰ গ্ৰন্থ প্ৰকাশ হৈছিল৷এই ধাৰনা প্ৰধানকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পাচৰ পৰা বিশেষ চৰ্চিত হৈ আহিছে৷ৰাষ্ট্ৰ পুঁজীবাদ বা বিলম্বিত পুঁজিবাদ মানে কি তাক এটা বাক্য সংজ্ঞাবদ্ধ কৰিবলৈ অসুবিধা৷কিন্ত বুজিবলৈ তেনেই সহজ৷এই প্ৰসংগত বহু সমাজ বিজ্ঞানীৰ ভিন্ন দৃষ্টিভংগী আছে৷

একেবাৰে সহজ কথাত, যেতিয়াই একোখন ৰাষ্ট্ৰত পুঁজিপতি সকলেই সৰ্বেসৰ্বা হয় তথা ৰাষ্ট্ৰ সকলোক্ষেত্ৰতেই পুঁজিপতি নিৰ্ভৰশীল হৈ পৰে তাকেই ৰাষ্ট্ৰ পুঁজিবাদ বা বিলম্বিত পুঁজিবাদ বুলি ক’ব পাৰি৷অলপতে সামাজিক মাধ্যমত এখন বিশেষ সম্পাদিত ফটো দেখিবলৈ পাইছিলোঁ—সুউচ্চ আসনত ৰজাৰ দৰে বহি আছে এল’ন মাস্ক আৰু তলত বহি আছে শিশু ডনাল্ড ট্ৰাম্প!সাম্প্ৰতিক ৰাজনীতি কিদৰে কৰ্পৰেট নিৰ্ভৰ হৈ পৰিছে সেই কথা উক্ত ছবিখনে সুন্দৰকৈ প্ৰতিফলিত কৰিছে৷আমেৰিকাৰ নিৰ্বাচনত ট্ৰাম্পৰ শেহতীয়া জয়ৰ ক্ষেত্ৰত বিশেষ শক্তিশালী ভুমিকা যে এল’ন মাস্কে লৈছিল সেই কথা সকলোৱে জানে৷যাৰ প্ৰতিদান স্বৰূপে ট্ৰাম্পৰ চৰকাৰত এল’ন মাস্কক গুৰুত্বপুৰ্ণ দায়িত্ব দিয়া হৈছে৷

এই প্ৰসংগত কথা এটা মনলৈ আহিছে৷অলপতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকালৈ যাওতে এগৰাকী সাংবাদিকে আদানিৰ বিষয়ে প্ৰশ্ন কৰি তেওঁক অস্বস্তিত পেলাইছিল৷সাংবাদিকৰ অপ্ৰত্যাশিত প্ৰশ্নত ব্যতিব্যস্ত হৈ মোদীয়ে “আদানি ইজ এ পাৰ্চনেল মেটাৰ“ বুলি কৈ দায় সৰা মন্তব্য দিছিল৷ আদানি,আম্বানি আদি যে “পাৰ্চনেল মেটাৰ” নহয় সেই কথা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও নিশ্চয় বুজাত অসুবিধা নাই৷ৰাষ্ট্ৰ আৰু কৰ্পৰেট একাকাৰ হৈ পৰিছে৷ইয়াৰ পৰিণতি কিমান বিপদজনক হ’ব পাৰে সেই কথা উপলব্ধি কৰিবলৈ সাধাৰণ জ্ঞান কনেই যথেষ্ট৷এনে প্ৰসংগতে অলপতে জনাথন ক্ৰেৰী(Jonathan Crary)ৰ “24/7 Late Capitalism and the Ends of Sleep” শীৰ্ষক এখন চিন্তা উদ্ৰেককাৰী গ্ৰন্থ পঢ়ি শেষ কৰিছোঁ৷সেই বিষয়ে যথাসময়ত লিখাৰ ইচ্ছা আছে৷


মানৱ সৃষ্ট সকলো ধাৰনা বা তত্বই আপেক্ষিক৷ উত্তৰআধুনিকতাবাদ,এডৱাৰ্ড ডব্লিউ চৈয়দৰ অৰিয়েণ্টেলিজম আদিৰ দৰে ৰাষ্ট্ৰ পুঁজিবাদ বা বিলম্বিত পুঁজিবাদৰ ধাৰনাও আপেক্ষিক৷কিন্ত এনে ধ্যানধাৰণাক একেবাৰে অস্বীকাৰ কৰা সম্ভৱ নহয়৷বৰঞ্চ বহুক্ষেত্ৰত সত্যতা আছে৷সমাজ বিজ্ঞানী তথা চিন্তাশীল লোক সকলৰ গৱেষণা,বিশ্লেষণ তথা সমাজবীক্ষণৰ ফচল স্বৰূপ এই ধ্যানধাৰণা, পৰ্যালোচনাবোৰে সমাজ পৰিবৰ্তনৰ স্তৰবোৰ বুজাত আমাক সহায় কৰে৷লেট কেপিটেলিজম তথা পুঁজিবাদৰ শেহতীয়া উচ্চ প্ৰাবল্যৰ এই স্তৰটোৰ প্ৰতিফলন আমি ট্ৰাম্পৰ মাজত দেখিবলৈ পাইছোঁ৷

দেখাত চাঞ্চল্যকৰ,ব্যতিক্ৰমী,অপ্ৰথাগত যেন লাগিলেও এইবোৰ যেন অৱধাৰিত৷আৰ্থিক অসমতা যি হাৰত বৃদ্ধি পাব ধৰিছে এতিয়া স্থানীয় আৱেগ উত্তেজনা বৃদ্ধি কৰি এক তথাকথিত ৰাষ্ট্ৰীয়তাবাদী,জনপ্ৰিয় ৰাজনৈতিক ধাৰা গঢ়ি তোলাটো জৰুৰী হৈ পৰিছে৷অন্যথা বৃহৎ পুঁজিপতি সকললৈ বিপদ অনিবাৰ্য৷সেয়ে আমেৰিকা প্ৰথম শ্ল’গান(America first) জনপ্ৰিয় হৈছে৷

আমাৰ দেশটো তথাকথিত ৰাষ্ট্ৰীয়তাবাদ,হিন্দুত্ববাদৰ টেগটো জনপ্ৰিয় হৈছে৷আমেৰিকাৰ মাত্ৰ ১%ধনী লোকে ২৫%অধিক দুখীয়া আমেৰিকান লোকৰ সম্পদ আহৰণ কৰিছে৷জেফ বেজ’ছ,বিল গেটছ আৰু ৱাৰেন বাফেট্‌—এই মাত্ৰ তিনি গৰাকী পুজিপতিৰ হাতত ১৩০নিযুত দুখীয়া আমেৰিকান লোকৰ সম্পদ আছে৷জাৰড ডাইমণ্ডে তেওঁৰ বহু সমাদৃত ‘আপহেভেল’ গ্ৰন্থত মুকলিকৈ দ্যৰ্থহীন ভাবে লিখিছে—“ Within the foreseeable future,the U.S.will experience urban riots in which plastic strips of police tape won’t suffice to deter rioters from venting their frustration on affluent Americans.”৷

(মন কৰিব লগা,জাৰেডৰ এই গ্ৰন্থক বিল গেটছে ৰিকমেণ্ডেট কৰিছিল)গতিকে এই কথা জলজলপটপট ট্ৰাম্পে কিয় আমেৰিকাৰ ত্ৰানকৰ্তা হিচাপে নিজক প্ৰতিপন্ন কৰিবলৈ উঠিপৰি লাগিব লগা হৈছে৷কিয় ইটোৰ পাচত সিটো বিতৰ্কিত আৰু কঠোৰ সিন্ধান্ত লৈ আগ্ৰাসী ভুমিকা পালন কৰিছে৷এই প্ৰসংগত বহু কথাই লিখিব পাৰি৷কিন্ত সেইয়া এই মুহূৰ্তত পৰিহাৰ কৰিলোঁ৷আনকি এই সমস্ত কথাখিনিও এটা বিশেষ কাৰনত মনলৈ অহাহে কথা৷মুল কথাটোলৈ অহা যাওক৷
কাৰোলীনা প্ৰটচেনকো(Karolina Protsenko)এগৰাকী কিশোৰী সংগীত শিল্পী৷

২০০৮চনত জন্ম হোৱা মৰম লগা কাৰোলীনাই ছয়সাত বছৰ বয়সতে সুন্দৰ ভায়লিন বজাইছিল৷আমেৰিকাৰ পদপথত জনপ্ৰিয় গীতৰ সুৰত ভায়লিন বজাই কাৰোলীনা জনপ্ৰিয় হৈ পৰিছিল৷এতিয়া তেওঁ এগৰাকী জনপ্ৰিয় চেলিব্ৰিটি হৈ পৰিছে৷১.৯বিলিয়ন তেওঁৰ অনুৰাগী আছে৷মই নিজেও কিশোৰী কাৰোলীনাৰ এগৰাকী অনুৰাগী৷তাইৰ ভিডিঅ আহিলেই চাওঁ৷কাৰোলীনাৰ ঘৰ ইউক্ৰেইনত৷২০১৫চনত যেতিয়া তাইৰ বয়স ছবছৰ আছিল তেতিয়া তেওঁলোক আমেৰিকাৰ কেলিফৰ্ণিয়ালৈ প্ৰৱজিত হৈ আহিছিল৷কাৰোলীনাৰ পিতৃ মাতৃও সংগীত শিল্পী৷অলপতে ডনাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লডিমিৰ জেনেস্কীৰ তৰ্কাতৰ্কিৰ ভিডিঅ ভাইৰেল হৈছিল৷দুই ৰাষ্ট্ৰ প্ৰধানৰ এনে তৰ্কযুদ্ধৰ ভিডিঅ আগতে দেখা মনত নপৰে৷ট্ৰাম্প আৰু জেনেস্কীৰ মাজত ব্যৱধান স্পষ্ট হৈছে৷অলপতে ট্ৰাম্পে আমেৰিকাত বসবাস কৰা ২লাখ ৪০ হাজাৰ ইউক্ৰেইনৰ লোকক নিজ দেশলৈ পুনৰ ঘুৰাই পঠাব বুলি ঘোষণা কৰিছে৷

এই খবৰে মোক ব্যথিত কৰিছে৷কাৰন কাৰোলীনাৰ কি হ’ব?তাইও অস্থিৰ,যুদ্ধবিধস্ত ইউক্ৰেইনলৈ গুছি যাব লাগিব নেকি?ট্ৰাম্পে কাৰোলীনাৰ ভায়লিন বা পিয়ানো বাদন শুনিছে নে নাই নাজানো৷হয়তো তেওঁ শুনাৰ আগ্ৰহিও নহয়৷আমি কিন্ত কাৰোলীনাক বৰ ভাল পাওঁ৷মৰম লগা কিশোৰী কাৰোলীনাই ভায়লিনৰ মূৰ্চনা তুলি উলাহতে নাচি থাকক৷তাইৰ বাদামী চুলি তাৰি বতাহত ঢৌ খেলি উৰি উৰি ধুনীয়া কুমলীয়া মুখখনত ডোলা দি থাকক৷আই হ্যেট ডোনাল্ড ট্ৰাম্প এণ্ড লভ ইউ কাৰোলীনা!


৯৮৫৪৬০৪৩৬৬


Share it