২০ মাৰ্চ ২০২৫
ব্ৰজেন ডেকা
সকলো ৰাজনৈতিক দলৰ বাবে অসমীয়া- খিলঞ্জীয়া ৰক্ষাতকৈ নিজৰ দল ৰক্ষাহে অধিক জৰুৰী৷ দল নাথাকোঁতেও জাতি আছিল আৰু দল নোহোৱা হ’লেও জাতি থাকিব৷ বিমান যাত্ৰাৰ সময়ত আমাক কোৱা হয় কিবা কৰাণত অক্সিজেনৰ মুখা পিন্ধিব লগা পৰিস্থিতি হ’লে আনক পিন্ধোৱাৰ আগতে নিজে পিন্ধি ল’ব লাগে৷ কাৰণ অক্সিজেনৰ অভাৱত যদি মই নিজেই অচেতন হৈ পৰো তেতিয়া আপোনজনকো সহায় কৰিব নোৱাৰিম৷ গতিকে ৰাজনৈতিক দলবোৰেও অসম মাতৃক অক্সিজেন মুখা পিন্ধোৱাৰ আগতে নিজে পিন্ধি লবলৈ চেষ্টা কৰে৷ ৰাজনৈতিক দলবোৰে যেতিয়া কয় যে তেওঁলোকে দলতকৈ অসমক আগস্থান দিয়ে সেইটো কওতা আৰু শুনোতা দুয়োপক্ষই গোকাট মিছা বুলি জানে৷
প্ৰতিটো ৰাজনৈতিক দলৰে নিজস্ব বৈশিষ্ট্যপূৰ্ণ একোটা সক্ৰিয় গতিশীলতা থাকে৷ দলবোৰ যিহেতু জীৱন্ত মানুহৰ সমষ্টি গতিকে ৰাজনৈতিক দলবোৰৰ সক্ৰিয়তা বা ডাইনামিক্চ এক জৈৱিক প্ৰক্ৰিয়া৷ দলবোৰ নিজেই বহু মানুহৰ মহাজোঁট৷ দলৰ নেতাসকলৰ স্বাৰ্থ আৰু দলটোৰ স্বাৰ্থ সকলো সময়তে সামঞ্জস্যপূৰ্ণ নহয়৷ গতিকে অনেক নেতাৰ অ-সামঞ্জস্যপূৰ্ণ স্বাৰ্থৰ সমন্বয় সাধন কৰি এটা ৰাজনৈতিক দল বৰ্তাই ৰখা এক জটিল কাম৷ তাতোকৈ জটিল কাম আন এটা ৰাজনৈতিক দলৰ স’তে সামঞ্জস্য সাধন কৰি মিত্ৰজোঁট গঢ়া৷ নেতা সকলৰ মাজত সামঞ্জস্য ৰক্ষা কৰা সম্ভৱ হলেও তাক জিলা, ব্লক আৰু তৃণমূল পৰ্য্যায়লৈ বিয়পাই দিয়া বেচ আহুকলীয়া কাম৷
মিত্ৰজোঁট গঢ়াত সেয়েহে আটাইতকৈ সক্ৰিয় ভূমিকা পালন কৰিব পাৰে এক উমৈহতীয়া ৰাজনৈতিক শত্ৰুৱে৷ বিশেষকৈ যদিহে সেই সামূহিক শত্ৰুৱে সামূহিক অস্তিত্বৰ সংকটৰ সৃষ্টি কৰে৷ কিন্তু ৰাজনীতিক কোনো স্থায়ী শত্ৰু বা বন্ধু নাথাকে৷ ক্ষমতাৰ বিন্যাসৰ স’তে শত্ৰু মিত্ৰ সলনি হৈ থাকে৷ অসম আন্দোলনত আন্দোলনকাৰী-জাতীয়তাবাদী শিবিৰৰ ‘শত্ৰু’ পক্ষত থকা সংখ্যালঘু ৰাজনৈতিক শক্তি আৰু বামপন্থীৰ সহযোগিতাত ১৯৯৬ চনত প্ৰফুল্ল মহন্তৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে অগপ চৰকাৰ গঠন হৈছিল৷ আজি অগপ বিজেপিৰ মিত্ৰপক্ষ৷
২০২৬ চনত ইউ ডি এফ যদি কংগ্ৰেছৰ লগত নাথাকে তেনেহ’লে অজাপ, ৰাইজৰ দল আৰু বামপন্থী দলবোৰৰ স’তে মিত্ৰতা কৰি কংগ্ৰেছে কি পাব আৰু কি হেৰুৱাব? জমা-খৰচৰ হিচাপত কংগ্ৰেছৰ তহবিলত কি থাকিব? চৰকাৰী অফিচত কাম কৰা বঙালী কেৰাণী এজনৰ এটা বিখ্যাত উক্তি আছে, ‘ভালোতো কিছু কৰতে পাৰবনা দাদা, মন্দ যাতে না কৰি তাৰ জন্য সন্তুষ্ট ৰাখুন’৷
দিল্লীৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে মাত্ৰ ৬.৩৪ শতাংশ ভোট পালে কিন্তু এইখিনি ভোটে আপক ক্ষমতাৰ পৰা অপসাৰিত কৰিলে৷ বিজেপিয়ে ৪৫.৫৬ শতাংশ ভোট পোৱাৰ বিপৰীতে আপ-এ পালে ৪৩.৫৭ শতাংশ ভোট৷ মাত্ৰ ২ শতাংশ ভোটৰ ব্যৱধানত আপে ৪০খন আসন হেৰুৱালে৷ কংগ্ৰেছে পোৱা ভোটখিনিৰ আধাও যদি আপলৈ আহিলহেতেন ফলাফল বেলেগ হ’লহেতেন৷ দিল্লীৰ নিৰ্বাচনে প্ৰমাণ কৰিলে যে যিকোনো প্ৰাকাৰে বিজেপিক বাধা দিব লাগে বুলি হীৰেন গোঁহাই আৰু বামপন্থী সকলে ভবাৰ দৰে কংগ্ৰেছে নাভাবে৷ দিল্লীত আপক পৰাজিত কৰাতো কংগ্ৰেছৰ বাবে বিজেপিক পৰাজিত কৰাৰ সমানেই বা তাতোকৈ অধিক গুৰুত্বপূৰ্ণ৷ ৰাজনীতিত নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা এটা এটা অতি প্ৰয়োজনীয় আৰু বহুল ব্যবহৃত ৰণকৌশল৷ আনহাতে ৰাহুল গান্ধীৰ গোঁহাই চাৰৰ দৰে বিজেপিক ক্ষমতাৰ পৰা অপসাৰিতি কৰিবলৈ খৰখেদা লগা নাই৷ বিশেষ কিবা অঘটন নঘটিলে কেন্দ্ৰত বিজেপি চৰকাৰ ২০২৯ চনলৈ থাকিব৷ ৰাহুল গান্ধীৰ হাতত এতিয়াও ৫ বছৰ সময় আছে৷ তাৰপাছতো ৰাহুল গান্ধীয়ে বেজিপিৰ বেলিমাৰলৈ অপেক্ষা নকৰিলেও মোদী-চাহ যুগৰ অৱসান ঘটালৈ অপেক্ষা কৰিব পাৰে কাৰণ তাৰ পাছতে বিজেপিৰ দীঘলীয়াকৈ শীতকাল আৰম্ভ হ’ব৷
অসমৰ কিমানটা সমষ্টিত অজাপ, ৰাইজৰ দল আৰু বামপন্থী দলৰ কংগ্ৰেছৰ বিজয়যাত্ৰা পণ্ড কৰিব পৰা ক্ষমতা আছে- যাৰ বাবে কংগ্ৰেছে মিত্ৰজোঁট গঢ়িবলৈ বাধ্য হ’ব? আৰু অসমৰ কিমানটা সমষ্টিত অজাপ, ৰাইজৰ দল আৰু বামপন্থী দলৰ কংগ্ৰেছক বিজয়ী কৰিব পৰা ক্ষমতা আছে? দুয়োটা একেটা প্ৰশ্নৰে দুটা ৰূপ যেন লাগে, কিন্তু নিৰ্বাচনী ৰাজনীতিত এই দুটা সম্পূৰ্ণ সুকীয়া ৰণকৌশলৰ ইংগীত দিয়ে৷ এটা হ’ল ক্ষতি কৰাৰ বা পৰাজিত কৰাৰ ৰণকৌশল আৰু আনটো হ’ল ভাল কৰাৰ, বিজয়ী কৰাৰ ৰণকৌশল৷ বৰ্তমান সৰভোগ সমষ্টি বামপন্থী দলৰ হাতত আৰু শিৱসাগৰ সমষ্টি ৰাইজৰ দলৰ হাতত আছে৷ কংগ্ৰেছে কেবল মাত্ৰ এই দুটা সমষ্টি বিৰোধীক এৰি দিলে বিৰোধী মিত্ৰজোঁট গঠন হ’বনে? কংগ্ৰেছে আন কেইটামান সমষ্টি এই দলকেইটাক এৰি দিব লাগিব আৰু লগতে সেই সমষ্টিকেইটাত মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাৰো দায়িত্ব লব লাগিব৷ বিনিময়ত মিত্ৰজোঁটে কংগ্ৰেছক জয়ী কৰাৰ চেষ্টা কৰাৰ তথা নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ নকৰাৰ প্ৰতিশ্ৰুতি দিব৷ কংগ্ৰেছে বেছিকৈ দি কমকৈ পালে তেনে অ-সম লেনদেনেৰে কেনেকুৱা মিত্ৰজোঁট গঢ়ি উঠিব?
অসমত এতিয়া জাতীয়তাবাদৰ জয়জয় ময়ময় কাৰণ বিজেপি-আৰ এছ এছ, অগপ, কংগ্ৰেছ, বামপন্থী দলবোৰ, আজাপ, ৰাইজৰ দল সকলো এতিয়া অসমীয়া জাতীয়তাবাদী৷ গতিকে অসমীয়া জাতীয়তাবাদী ভোটাৰ চূড়ান্ত বিভ্ৰান্ত আৰু বিভাজিত৷ হিন্দুত্বৰ পৰা মাৰ্ক্সবাদলৈ যিকোনো এটা কাৰণত অসমীয়া জাতীয়তাবাদী ভোট একত্ৰিত বা বিভাজিত হ’ব পাৰে৷
ৰাইজৰ দল আৰু অজাপই অসমীয়া জাতিক অক্সিজেন মুখা পিন্ধোৱাৰ আগতে নিজে মুখাখন পিন্ধি ল’ব লাগিব৷ ৰাইজৰ দলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ব শিবসাগৰ আসনখন নিজৰ দখলত ৰখা, আৰু অজাপৰ বাবে অসম বিধান সভাত প্ৰৱেশ কৰা৷ অখিল গগৈয়ে বিজেপিৰ শক্তিক নিজৰ বাবে দৰদাম কৰাত ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছে৷ দৰদামটো কিচু পৰিমাণে বঙালী কেৰাণীজনৰ দৰে হোৱা নাইনে? বামপন্থী দলবোৰে ‘সাম্যবাদ প্ৰতিষ্ঠা’ কৰাৰ বাবে ‘বিপ্লৱৰ অগ্ৰণী’ বাহিনী ৰূপে ভোট বিচাৰিব নে সংবিধান ৰক্ষা কৰি গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে ভোট বিচাৰিব, নে অসমীয়াৰ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে ভোট বিচাৰিব মই নাজানো৷ তেওঁলোকে জানেনে?
প্ৰয়াত তৰুণ গগৈয়ে হিতেশ্বৰ শইকীয়াৰ জীৱন কালত দিল্লীত অসম কংগ্ৰেছৰ পৰা নিৰ্বাসিত জীৱন কটাবলৈ বাধ্য হৈছিল৷ তৰুণ গগৈৰ ক্ষেত্ৰত হিতেশ্বৰ শইকীয়াৰ ৰণকৌশলটো আছিলঃ তুমি সাংসদ হৈ দিল্লীতেই থাকা৷ হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পাছতহে তৰুণ গগৈৰ অসম কংগ্ৰেছৰ ৰাজনৈতিক মঞ্চখনত প্ৰৱেশ ঘটিছিল৷ এতিয়া অসম কংগ্ৰেছৰ নেতৃত্বত থকা সকলৰ কিমানে বিচাৰে যে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ সাংসদ হৈ দিল্লীতেই নিৰ্বাসিত হৈ থাকক? গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’লে নিজৰ ৰাজনৈতিক জীৱনলৈ স্থায়ীকৈ শীতকাল আহিব বুলি আশংকা কৰি গৌৰৱ গগৈ হোৱাতকৈ হিমন্ত বিশ্ব শৰ্মাই হওক বুলি ভবা নেতা কংগ্ৰেছত নাই বুলি প্ৰমাণ হোৱা নাই৷ সেয়েহে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী ৰূপে দাঙি ধৰি পৰিবৰ্তন বিচাৰি অসমৰ ভোটাৰৰ ওচৰলৈ যোৱাতো এটা ভাল ৰণকৌশল হ’ব পাৰে৷ তেনেকৰিলে মুখাপিন্ধাবোৰৰ স্বৰূপ প্ৰকাশ পাব৷ কংগ্ৰেছৰ সমস্যা হ’ল দলটোৰ দীঘলীয়া ইতিহাসে দলটোৰ ভিতৰতে গঢ়ি তোলা অলেখ লবী আৰু ক্ষমতাৰ কেন্দ্ৰ৷ কেন্দ্ৰীয় পৰ্য্যায়ত নেহৰু-গান্ধী পৰিয়ালে ক্ষমতাৰ এটা মাত্ৰ কেন্দ্ৰ প্ৰতিষ্ঠা কৰি তাক অব্যাহত ৰখাত সফল হৈছে কিন্তু ৰাজ্যবোৰত অলেখ লবী আৰু ক্ষমতাৰ কেন্দ্ৰ গঢ়ি উঠিছে৷ গৌৰৱ গগৈয়ো যোৰহাটৰ বিজয়ৰ পাছত এটা শক্তিশালী ক্ষমতাৰ কেন্দ্ৰ ৰূপে প্ৰতিষ্ঠিত হৈছে আৰু ৰাহুল গান্ধীৰ দৰেই তেওঁৰো দীঘলীয়াকৈ অপেক্ষা কৰিব পৰাকৈ সময় আছে৷ গৌৰৱ গগৈৰ মূল সমস্যা হ’ল তেওঁ ‘আন্তৰাষ্ট্ৰীয়ৰ’ৰ পৰা ‘ৰাষ্ট্ৰীয়’ হৈ এতিয়াহে অসমৰ থলুৱা-খিলঞ্জীয়া হ’বলৈ, অসমত খুটি পুতিবলৈ আৰম্ভ কৰিছে৷
২০২৬ৰ নিৰ্বাচনৰ ফলাফল ৫ শতাংশতকৈ কম ভোটৰ ব্যৱধানত নিৰ্ণয় হ’ব৷ নিৰ্ণায়ক ২০টা সমষ্টিত ৩-৪ শতাংশ ভোটে পক্ষ সলনি কৰিলে ফলাফলত ব্যাপক প্ৰভাৱ পৰিব৷ বিৰোধী ঐক্যৰ চৰ্তাৱলী নিৰ্ধাৰণ কৰিব পৰাকৈ কোন আটাইতকৈ শক্তিশালী স্থিতিত আছে? অখিল গগৈ, লুৰীণ গগৈ, বামপন্থী নে কংগ্ৰেছ? বিৰোধী ঐক্য এটা পানী মিঠৈ হৈ ৰৈ যাব নে সি দিঠকত পৰিণত হ’ব?