সঞ্জীত কুমাৰ বৰদলৈ
সত্তোৰৰ দশকতে ড°ভূপেন হাজৰিকাই “যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসে বিয়াত হেনো কিছু বাধা পালে..” গীতটোৰে আমাৰ মনবোৰ বহল কৰিবলৈ কৈছিল৷সেই গীতটোৰে তেওঁ কৈছিল—“মহা শূন্যত উপগ্ৰহ ৰাখি…এইয়া জনাৰ যুগ এইয়া বুজাৰ যুগ.এইয়া জিৎ যুগ, আনবিক যুগ..এইয়া মনৰ পৰিধি ভঙাৰ যুগ৷” কিন্ত আজিৰ কৃত্ৰিম বুদ্ধিমত্তাৰ যুগটো আমাৰ বহুতৰে মন-চিন্তাবোৰ বিশাল আৰু গভীৰ নহ’ল৷তিনিশ বছৰ পুৰণা ঔৰংগজেৱৰ কবৰক লৈ ব্যস্ত হোৱা,কোনে গাহৰি খাইছে,কোনে মুৰ্গী পুহিছে সেই লৈ ব্যস্ত হৈছোঁ৷কোনে কাৰ পত্নীক লৈ পলাল আদিৰ দৰে অলাগতিয়াল কথাবোৰত ব্যস্ত হৈ আমাৰ মুল্যবান সময় নষ্ট কৰোঁ৷এই তালিকাখন আৰু দীঘলীয়া কৰিব পাৰি৷যুক্তি তথা বিজ্ঞান মনস্কতা বহু সময়ত থমকি ৰ’ব লগা হয়৷তেনে সময়তে একো একোটা বিজ্ঞানৰ বিজয়ী ঘটনা পৰিঘটনাই আমালৈ সকাহ আৰু প্ৰেৰণা কঢ়িয়াই আনে৷অতি সম্প্ৰতি ৯মাহ অধিক সময় মহাকাশত থাকি বহু জল্পনা কল্পনাৰ অন্তত সুকলমে আহি পৃথিৱীত ভৰি দিয়া সুনীতা উইলিয়ামছ তেওঁৰ সতীৰ্থ বুচ উইল’মৰক লৈ স্বাভাৱিকতে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে৷চৰ্চা লাভ কৰিছে নাছাই(NASA)আৰু এলন মাস্কৰ ষ্পেছ এক্সে৷মাত্ৰ আঠ দিনৰ বাবে গৈ সুৰ্দীঘ নমাহ মহাকাশত থাকিব লগা হোৱা এই দুই মহাকাশচাৰীয়ে যি অদম্য সাহস আৰু অসীম ধৈৰ্যৰ কঠোৰ আৰু প্ৰত্যাহ্বানমুলক পৰীক্ষাত উৰ্ত্তীণ হ’ল সি সচাকৈয়ে চেল্যুট দিব লগা৷
মহাকাশ অভিযান সদায় আমাৰ বাবে অন্তহীন কৌতূহল আৰু বিস্ময়ৰ বিষয়৷আকাশলৈ একান্ত মনে চালেই আমাৰ মন অপাৰ বিস্ময় আৰু ৰহস্যময়ীতাৰে ভৰি পৰে৷আইজাক আছিমভ,আৰ্থাৰ চি ক্লাৰ্ক,কাৰ্ল ছাগান,মিছিঅ কাকু আদিৰ বিজ্ঞানভিত্তিক কাহিনীৰ লেখকৰ পৰা হলিউদৰ ছাইফি চিনেমাবোৰে আমাক বৰকৈ আকৃষ্ট কৰে৷বিজ্ঞান কাহিনী বিশেষকৈ মহাকাশৰ কাহিনী অধ্যয়নে আমাৰ মনৰ দিগন্ত প্ৰসাৰিত কৰাত সহায় কৰে৷বিশ্বব্ৰহ্মাণ্ডৰ তুলনাত পৃথিৱী এক ক্ষুদ্ৰ ধূলিকণা সদৃশ৷সৌৰমণ্ডল-মহাকাশ অধ্যয়নে বাৰে বাৰে আমাক এই কথা সোৱৰাই দিয়ে—এই বিশ্ব চৰাচৰত আমাৰ অস্তিত্ব তেনেই নগণ্য আৰু ক্ষুদ্ৰ৷এই শ্বাশ্বত উপলব্ধিয়ে আমাক আধ্যাত্মিক ভাবে সমৃদ্ধ কৰে৷জীৱন জগতৰ প্ৰতি যোগাত্মক চিন্তা- চেতনাৰ উন্মেষ ঘটায়৷
১৯৫৭চনৰ অক্টোবৰ মাহত ৰাচিয়াই বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ স্পুটনিকক মহাকাশলৈ পঠিয়াই ইতিহাস ৰচিবলৈ সক্ষম হৈছিল৷ৰাচিয়াৰ এই বিৰল সাফল্যই সমগ্ৰ বিশ্ববাসীক যি দৰে আলোকিত কৰিছিল ঠিক সেইদৰে আমেৰিকাৰ নিদ্ৰা হৰণ কৰিছিল৷১৯৫৭ ৰ পৰা ১৯৬১লৈ ৰাচিয়াই একেলেথাৰিয়ে ছয়টাকৈ মহাকাশ অভিযান সফল কৰি আমেৰিকাক হতাশ কৰি তুলিছিল৷তেওঁলোকে বুজি উঠিছিল যে ৰাচিয়াই মহাকাশৰ একছ্ত্ৰী সম্ৰাট হৈ বিশ্বৰ এক নম্বৰ চুপাৰ পাৱাৰ হ’ব৷গতিকে আমেৰিকাৰ ক’ত টোপনি আহিব!সেই সময়ৰ আমেৰিকাৰ শাসক বৰ্গ তীব্ৰভাবে সমালোচিত হৈছিল৷নানা কথাৰে তুচ্ছতাচ্ছিল্যও কৰা হৈছিল৷প্ৰশ্ন উঠিল-আমেৰিকাৰ শিক্ষা ব্যৱস্থাক লৈ৷“টাইম”আলোচনীত প্ৰবন্ধৰ শিৰোনামা হ’ল-“Ivan can read,but Johnny cannot.”সেই সময়তে আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি জন এফ কেনেডীয়ে নাচা(NASA)গঢ়ি তুলিছিল আৰু ১৯৬৬চনত আমেৰিকাৰ ফেডাৰেল বাজেটৰ ৫.৫%ধন মহাকাশ অভিযানৰ বাবে ধাৰ্য কৰিছিল৷তাৰ পৰবৰ্তী কাহিনী আমি সকলোৱে জানো৷দুৰ্ভাগ্যজনক ভাবে ৰাচিয়া শীতল যুদ্ধত ব্যস্ত হৈ দেৱলীয়া হ’ল৷ঈৰ্ষণীয় সম্ভাৱনা দেখুৱাবলৈ সক্ষম হোৱা ৰাচিয়াৰ মহাকাশ অভিযান স্থবিৰ হৈ গ’ল আৰু পৰৱৰ্তী সময়ত আমেৰিকা আগবাঢ়ি গ’ল৷আমেৰিকাৰ এপ’লো-২মিছন সফলতাৰে চন্দ্ৰত অৱতৰণ হৈছিল৷নীল আমষ্ট্ৰঙে চন্দ্ৰত ভৰি দি মানৱ সভ্যতাৰ ইতিহাসত নতুন ইতিহাস ৰচিবলৈ সক্ষম হ’ল৷সেই বিৰল পৰিঘটনাৰ বিষয়ে তদানীন্তন আমেৰিকাৰ ৰাষ্ট্ৰপতি নিক্সনে হেনো দুটা ভাষণ প্ৰস্তুত কৰি ৰাখিছিল৷প্ৰথমটো আছিল এনে ধৰনৰ-আমেৰিকাৰ চন্দ্ৰ অভিযান ব্যৰ্থ হৈছে আৰু আমেৰিকাৰ মহাকাশচাৰী চন্দ্ৰত মৃত্যু হৈছে৷কিন্ত কেইটামান চেকেণ্ডৰ ভিতৰত দৃশ্যপট সলনি হৈছিল৷১৯৬৯চনৰ ২০জুলাইত নিক্সনে গৌৰৱেৰে নাচাৰ চন্দ্ৰ অভিযান সফল হৈছে বুলি ঘোষণা কৰি বিজ্ঞানী সকলক অভিনন্দন জনাবলৈ সক্ষম হৈছিল৷পৰৱৰ্তী সময়ত প্ৰকাশ হৈছিল যে নীল আমষ্ট্ৰঙে বিশেষ ভাবে এপ’লোক মেনুৱেলি নিয়ন্ত্ৰণ কৰি চন্দ্ৰত ভৰি দিবলৈ সক্ষম হৈছিল৷সেই সময়ত মাত্ৰ ৫০চেকেণ্ডৰ ইন্ধনহে বাকী আছিল৷অৰ্থাৎ মাত্ৰ ৫০চেকেণ্ড পলম হোৱা হলেই কেপচুল হয়তো ধংস হ’লহেঁতেন৷এনেবোৰ কথা আকৰ্ষণীয় কৈ মিছিঅ কাকুৱে তেওঁৰ বেষ্টচেলাৰ “দি ফিউচাৰ অব হিউমেনিটি” গ্ৰন্থত লিখিছে৷
চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত আমাৰ দেশ ইতিমধ্যে সফল হৈছে৷ বিশ্বৰ তথাকথিত এলাইট দেশবোৰক ভাৰতৰ এই সফলতাই নিশ্চয় কিছুপৰিমাণে হলেও চকু মুকলি কৰিলে৷বহুতৰে নিশ্চয় মনত আছে-২০১৪চনত ভাৰতৰ সফল মঙল গ্ৰহ অভিযানক লৈ “নিউ ইয়ৰ্ক টাইমছ”-এ আমাৰ দেশক উপলুঙা কৰি কাৰ্টুন প্ৰকাশ কৰিছিল৷ভাৰতৰ দৰিদ্ৰতাৰ কথা কৈ সেই সকলে শেহতীয়া সফল চন্দ্ৰ অভিযানক লৈয়ো হয়তো পৰোক্ষভাৱে হলেও ক’ব-ভাৰতে বাওনা হৈ চন্দ্ৰলৈ হাত মেলিছে!তেনে বাতৰি ইতিমধ্যে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ত দেখা গৈছে৷কিন্ত এনেবোৰ কথাই আমাক হতাশ কৰিব নোৱাৰে৷চন্দ্ৰযান-৩ৰ বাবে খৰছ হৈছে- মাত্ৰ ৬২০কোটি টকা৷আমাৰ দেশত তাতকৈ বেছি খৰছ কৰে একোখন বলিউদী চিনেমাতে৷এল’ন মাস্কে যথাৰ্থতে ইচ’ৰোক প্ৰশংসা কৰি কৈছে যে খ্ৰীষ্টোফাৰ নোলানৰ “ইন্টাৰষ্টেলাৰ”নামৰ মহাকাশ অভিযানৰ কাল্পনিক চিনেমাখন কৰোতেই খৰছ কৰিছিল ১৬৫ মিলিয়ন ডলাৰ৷ভাৰতে বাস্তৱত মহাকাশ অভিযান চলাবলৈ সক্ষম হৈছে মাত্ৰ ৭৫ মিলিয়ন ডলাৰত!ভাৰতীয় বিজ্ঞানীৰ এনে চমকপ্ৰদ উদ্ভাৱনী শক্তিক তাৰিফ নকৰি নোৱাৰি৷
১৯৬৯চনত আমেৰিকাৰ চন্দ্ৰ অভিযানৰ সময়ত নাচাৰ যি ধৰনৰ কম্পিউটাৰ প্ৰযুক্তি আছিল তাতকৈ বহু উন্নত সুবিধা আপুনি মই বৰ্তমানে ব্যৱহাৰ কৰি থকা স্মাৰ্টফোনত উপলব্ধ৷এই কথাটোৱেই প্ৰযুক্তিৰ দ্ৰুত উত্তৰণৰ কথা প্ৰমান কৰিবলৈ যথেষ্ট৷গতিকে অনাগত সময়ত মহাকাশ অভিযান ক্ৰমান্বয়ে সহজ আৰু সুলভ হৈ পৰিব৷

ঈশ্বৰৰ অস্তিত্বক লৈ যুগ যুগ ধৰি চলি অহা প্ৰশ্নৰ উত্তৰ আজিও নোলাল৷দাৰ্শনিক নীৎচেই অৱশ্যে কাহানিবাই ঈশ্বৰৰ মৃত্যু ঘোষণা কৰি থৈছে৷আমাৰ নৱকান্ত বৰুৱাই কবিতাৰে কৈছিল—ঈশ্বৰ এক এলজেব্ৰিক এক্স৷সি যি হওক,ঈশ্বৰৰ অস্তিত্ব থাকক বা নাথাকক এক অদৃশ্য শক্তিৰ অস্তিত্বৰ কথা নুই কৰা টান৷যাক আমি যুক্তিৰে বিচাৰ কৰিব নোৱাৰোঁ৷এই বিশ্বব্ৰহ্মাণ্ডত এতিয়াও অনাবিস্কৃত বহু ৰহস্য আছে যাক আমি ভেদ কৰিব পৰা নাই আৰু সকলো ৰহস্য ভেদ হ’ব বুলি আশাও কৰিব নোৱাৰি৷কিন্ত মানুহৰ ধৰ্মই হৈছে-প্ৰশ্ন কৰা৷মানুহৰ সত্য অন্বেষণ চলিয়েই থাকিব৷এখন এখন কৈ খোল খাব ৰহস্যৰ দুৱাৰ৷অতীজৰে পৰা দেখি আহিছোঁ মানুহৰ বিজ্ঞানমুখী যাত্ৰা পথত সততে প্ৰাচীৰ হিচাপে থিয় দিয়ে ধৰ্মান্ধ সকল৷এৰিষ্টটল,চক্ৰেটিছ,গেলিলিও,চাৰ্লছ ডাৰউইনকে ধৰি দাৰ্শনিক-বিজ্ঞানী সকল ৰক্ষণশীল ধৰ্মযাজক সকলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল,বহুতকে মৃত্যুদণ্ড দিয়া হৈছিল৷ধৰ্মান্ধ আৰু অন্ধ বিশ্বাসী সকল এতিয়াও কিছুপৰিমাণে সক্ৰিয় হৈ আছে যদিও তেওঁলোক ক্ৰমে অপ্ৰাসংগিক হৈ পৰিছে৷ধৰ্মও ক্ৰমান্বয়ে গোড়ামি আৰু অৱদমন পৰিহাৰ কৰি শিথিল হ’বলৈ বাধ্য হ’ল৷অৱশ্যে এতিয়াও বহুক্ষেত্ৰত ধৰ্মীয় উন্মাদনা,ধৰ্মৰ নামত শোষণ,অৱদমন চলি আছে৷বিজ্ঞান আৰু ধৰ্মই হাতত হাত ধৰি আগুৱাব পাৰিলে মংগল৷
আইনষ্টাইনে বিজ্ঞান আৰু ধৰ্মক ইটো সিটোৰ পৰিপূৰক বুলি কৈছিল৷তেওঁ কৈছিল—
“Science without religion is lame and religion without science is blind.”৷নাস্তিক সকলে আৰু একাংশ বামপন্থী প্ৰৱক্তাই ধৰ্মক সম্পূৰ্ণ নস্যাৎ কৰি কেবল বিজ্ঞানৰ পোষকতা কৰে৷এনে মানসিকতাৰে তেওঁলোকে সততে ভাটৌৰ দৰে ধৰ্মৰহিত বিজ্ঞান মনস্কতাৰ কথা কৈ থাকে যদিও সেইয়া আইনষ্টাইনৰ কথাৰেই সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিভংগী বুলি নিশ্চয় ক’ব পৰা নাযায়৷সুনীতা উইলিয়ামছে আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ(ISS)লৈ গীতা খন লৈ যোৱা বা গনেশৰ মুৰ্তি লৈ যোৱাটো,ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ৰ মুৰব্বী বিজ্ঞানীয়ে চন্দ্ৰ অভিযানৰ প্ৰাকমুহূৰ্তত পুজা অৰ্চনা কৰাটো সেই সকল নাস্তিক বা বামপন্থীয়ে হজম কৰিবলৈ টান পালেও সেইয়া সেই বিজ্ঞানী সকলৰ একান্ত ব্যক্তিগত বিশ্বাস আৰু মৌলিক অধিকাৰ৷বিশ্বাসে মিলয় হৰি৷কাৰোবাৰ ধৰ্ম চৰ্চা,ধৰ্মীয় পৰম্পৰা তথা বিশ্বাসক বিজ্ঞান মনস্কতাৰ নামত আমি তুচ্ছ তাচ্ছিল্য কৰা অনুচিত৷ধাৰ্মিক হোৱাত আপত্তিকৰ একো নাই৷ধৰ্মান্ধ হোৱাতহে আপত্তি কৰিব লগা আছে৷কাৰন ধৰ্মান্ধতা মানৱীয়তাৰ পৰিপন্থী,সভ্যতাৰ পৰিপন্থী৷সি যি হওক,বিজ্ঞানৰ জয়যাত্ৰাই ধৰ্মান্ধ সকলৰ বুকু কপাই দিয়ে৷অন্ধবিশ্বাসী বোৰৰ ভৰিৰ তলৰ মাটি কপি উঠে৷
৯৮৫৪৬০৪৩৬৬